![]()
কৃষক নেতা অখিল গগৈ প্ৰতিচ্ছবি দেৱালত ৰং-তুলিকাৰে অংকন কৰা বাবে বিজেপি প্ৰশাসন চকুত দায়ী অসমৰ তিনি চিত্ৰশিল্পী। গুৱাহাটী বশিষ্ট নিধি ভৱনৰ সন্মুখৰ ৱালত বিগত ১১মাহে কাৰাবন্দী হৈ থকা কৃষক নেতাগৰাকী চিত্ৰ অংকন কৰা বাবে বশিষ্ট আৰক্ষীয়ে বৃহস্পতিবাৰে আটক কৰে তিনি চিত্ৰশিল্পী ধ্ৰুৱজিৎ, ৰাহুল আৰু প্ৰাঞ্জলক। উল্লেখ ৰং-তুলিকাৰে অখিলক চৰকাৰে গ্ৰেপ্তাৰ কৰা এখন ছবি অংকন কৰিছিল। দিনটো থানাত তিনিওকে আটক কৰি ৰখাৰ লগতে অংকন কৰা ছবিখন আৰক্ষীয়ে মোহাৰি পেলাই।
গগৈ বিৰুদ্ধে আৰক্ষীৰ বৰ্বৰতা প্ৰকাশ কৰি সমগ্ৰ অসমজুৰি এনেধৰণৰ চিত্ৰ অংকন কৰা হ’ব বুলি ঘোষণা কৰে অংগ আৰ্ট কলেক্টিভেটৰ সদস্য কেইজনে।
ইফালে আৰক্ষীয়ে আটক কৰা সন্দৰ্ভত তেওঁলোকে কয়-দেশৰ যদি অন্য নাগৰিকৰ চিত্ৰ অংকন কৰিব পৰা যায়। তেন্তে অখিলৰ ছবি কিয় অংকন কৰিব দিয়া নহয়। অখিলৰ চিত্ৰ অংকন কৰাটো আমাৰ কি ভুল! আমিতো কোনো চিঞ-হুলস্থুল কৰা নাই”।
ইফালে ছাত্ৰ মুক্তি নেতা প্ৰাঞ্জল কলিতাই কয়- বিজেপি চৰকাৰৰ বাবে অখিলৰ ফটোও ভয়ৰ কাৰণ হৈছে। অখিল গগৈ চিত্ৰ অংকন কৰিলেও ফেচিষ্ট বিজেপি চকুত এতিয়া অপৰাধী।
তাপৰ্যপূৰ্ণ কথা এই যে আৰক্ষী আটক কৰি তেওঁলোকক কিয় অখিলৰ চিত্ৰ অংকন কৰিছিলি বুলি প্ৰশ্ন কৰা বুলি আটক হোৱা চিত্ৰশিল্পী দলটোৱে কয়।













