![]()
নগাঁও : নগাওঁ চহৰৰ খ্ৰীষ্টানপট্টি অঞ্চলত কালি নিশা আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত এহাল দম্পতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সূত্রৰ পৰা জানিব পৰা মতে নগাঁও নগৰ আৰক্ষীৰ এটা দলে চহৰখনৰ খ্ৰীষ্টানপট্টিৰ এ ডি পি ৰোডত থকা এটা ঘৰত নিশা অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত ড্ৰাগছ আৰু বিলাতী সুৰাৰ বটল জব্দ কৰাৰ লগতে ৬৭ হেজাৰ নগদ ধন আৰু ড্ৰাগছ ব্যৱসায়ত ব্যৱহৃত বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰে।

আৰক্ষীয়ে নিচাযুক্ত ব্যৱসায়ৰ লগত জড়িত মৌচম খন্দকাৰ আৰু ৰেচমা বেগম নামৰ এক দম্পতীক গ্ৰেপ্তাৰ কৰে। ধৃত দম্পতীহালে দীৰ্ঘদিন ধৰি ঘৰতে ড্ৰাগছৰ ঘাটি পাতি ড্ৰাগছ আৰু অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। এই খবৰ গোপন সূত্ৰে লাভ কৰি নগাঁও আৰক্ষীয়ে নিশা অভিযান চলাই ঘাটিটো উৎখাত কৰাৰ লগতে দম্পতীহালক গ্ৰেপ্তাৰ কৰে। নগাঁও আৰক্ষীয়ে এন ডি পি এছ এক্টৰ অধীনত ২৮৬১/২০ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত অভিযুক্ত দম্পতীহালক আজি আদালতলৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে মৌচম খন্দকাৰক পূৰ্বও নগাঁও আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল। আনহাতে নগাঁও আৰক্ষীয়ে আজি বিয়লি নগাঁও চহৰৰ সমীপৰ মধুপুৰত আন এক অভিযান চলাই জলিল মীৰ ওৰফে ককা নামৰ এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।













