তিনিচুকীয়াৰ বাৰেকুৰি গাঁৱত আয়োজিত ‘বীৰ ৰাঘৱ মৰাণ দিৱস’ আৰু ঐতিহ্যপূৰ্ণ হাপজান বৰনামঘৰৰ ১২১ বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। বীৰ ৰাঘৱ মৰাণৰ প্ৰতি তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বৰ নামঘৰত সেৱা জনায়।
বীৰ ৰাঘৱ মৰাণৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন স্থানত ৭টা প্ৰেক্ষাগৃহ নিৰ্মাণৰ লগতে বাৰেকুৰিত এটা পুথিভঁৰাল নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰে।