![]()
দেওবাৰ (কালিলৈ) অনুষ্ঠিত হ’ব অসম আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা। ৰাজ্য মুঠ ১৩০টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব লগা লিখিত পৰীক্ষাত অৱৰ্তীন হ’ব মুঠ ৯০৫৫৮গৰাকী প্ৰাৰ্থী।৫৯৭টা পদৰ বাবে অনুষ্ঠিত হ’ব লগা এছ.আই লিখিত পৰীক্ষাৰ অনুষ্ঠিত কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ে।
উল্লেখ যোৱা ২০ছেপ্টেম্বত প্ৰশ্ন কাকত ফাদিলৰ বাবে বাতিল হৈছিল উক্ত পৰীক্ষা।প্ৰশ্নকাকত ফাদিলত জড়িত থকা অভিযোগত চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে ২৪ জনকৈ অভিযুক্তক।
ইফাল দেওবাৰৰ লিখিত পৰীক্ষা নিয়ম পূৰ্ব পৰীক্ষাতকৈ কিছু সাল-সলনি কৰিছে ৰাজ্যিক আৰক্ষীৰ নিযুক্তি বৰ্ডে।পৰীক্ষাত অৱৰ্তীন হ’বলগা প্ৰাৰ্থী সুবিধা হোৱাকৈ প্ৰকাশ কৰিছে নিয়মসমূহ।
দিনৰ ১২বজা পৰা ২ বজালৈ অনুষ্ঠিত হ’ব পৰীক্ষা।
প্ৰাৰ্থীয়ে পৰীক্ষা আৰম্ভ হোৱা আঢ়ৈ ঘণ্টা পূৰ্বে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’ব লাগিব। কেৱল প্ৰাৰ্থীসকল প্ৰৱেশ কৰিব পাৰিব কেন্দ্ৰত।
প্ৰাৰ্থীয়ে যিকোনো এটা আই ডি প্ৰ’ফ অৰিজিনেল কপি নিব লাগিব।
চেল্ফ এটেষ্ট ফটো কপি আইডি প্ৰফ।
তিনিটা কলা কলম, পেঞ্চিল আৰু ৰা’ৱা, মাক্স লগত ৰাখিব পাৰিব।এডমিত কাৰ্ড পোষ্ট কাৰ্ড চাইজৰ।
মোবাইল ফোন, স্মাৰ্ট ঘড়ী, কেলকুলেটৰ, হেণ্ড বেগ আৰু যিকোনো ইলেকট্ৰনিক ডিভাইচ নিব নোৱাৰিব কেন্দ্ৰলৈ। যদি কোনো প্ৰাৰ্থী লগত এইসমূহ পোৱা যায় তেন্তে সেই প্ৰাৰ্থী গৰাকীক বহিষ্কাৰ কৰা হ’ব।













