ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : শনিবাৰে দুপৰীয়াৰ ভাগত পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি আজি দুপৰীয়াৰ ভাগত ডিফু চহৰৰ গান্ধী পাৰ্কৰ ওচৰত থকা অভাৰ ব্ৰীজৰ তলত এটা অচিনাক্ত মৃতদেহ পৰি থকা বুলি খবৰ লাভ কৰি ডিফু নগৰ আৰক্ষী চকীত স্থানীয় লোকে খবৰ দিয়ে ৷ খবৰ লাভ কৰি আৰক্ষীৰ লোক ঘটনাস্থলীত গৈ মৃতদেহটো উদ্ধাৰ কৰে ৷
মৃতদেহটো এজন ৬০ উৰ্দ্ধৰ পুৰুষ লোক আৰু বৰ্তমানলৈ মৃতদেহটো চিনাক্ত কৰিবলৈ কোনো আত্মীয়- স্বজন ওলোৱা নাই ৷ সেয়ে এই সন্দৰ্ভত ডিফু থানাত এক ইউ ডি গোচৰ ৰুজো দি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৭২ ঘণ্টাৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ আত্মীয় বা সদাশয় ব্যক্তিক মৃতদেহ চিনাক্ত কৰিবলৈ আৰক্ষীয়ে আহ্বান জনাইছে ৷