ক্ৰীড়া ডেস্কঃ
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’ব লগা টেষ্ট মেচ, এদিনীয়া আৰু টি ২০ত একাধিক অভিলেখৰ সুযোগ পাইছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে৷ উল্লেখ্য যে অহা ২৭ নৱেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হ’ব লগা ছিৰিজৰ খেল আৰম্ভ হ’ব৷ সেইদিনা ভাৰতৰ অধিনায়ক বিৰাট কোহলিয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যেতিয়া বেটিং কৰিবলৈ নামিব তেতিয়া তেওঁৰ ওচৰত থাকিব একাধিক অভিলেখ কৰাৰ সুযোগ৷ সেইদিনা ক্ৰিকেটত বেটচমেনৰ ৰেংকিঙত এক নম্বৰত থকা বিৰাট কোহলিয়ে স্পৰ্শ কৰিব পাৰিব কিংবদন্তী ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক৷ মন কৰিব লগা যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত শচীন তেণ্ডুলকাৰে কৰিছে ৯টা শতৰান৷ বিৰাট কোহলিয়ে ইতিমধ্যে ৮টা শতক কৰিছে৷ এই ছিৰিজত এটা শতক কৰিলেই তেওঁ স্পৰ্শ কৰিব পাৰিব মাষ্টাৰ ব্লাষ্টাৰক শচীন তেণ্ডুলকাৰক।
উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শচীন তেণ্ডুলকাৰে খেলিছে ৭০টা ইনিংছ৷ বিৰাট কোহলিয়ে খেলিছে ৩৮টা ইনিংছ৷ এই ছিৰিজত যিদৰে বিৰাটে এটা শতৰান কৰিলে শচীন তেণ্ডুলকাৰক স্পৰ্শ কৰি পাৰিব তেনেদৰে পণ্টিঙকো চেৰ পেলাই যাব পাৰিব৷ এইখন খেলতে অষ্ট্ৰেলিয়াৰ অন্যতম সফল অধিনায়ক ৰিকি পণ্টিঙক চেৰ পেলাই যোৱাৰ সুযোগ আছে ৷
উল্লেখ্য যে টেষ্ট আৰু এদিনীয়া মিলি অধিনায়ক হিচাপে পণ্টিঙে কৰিছে ৪১টা শতৰান৷ সমসংখ্যক শতৰান কৰিছে বিৰাটেও৷ এটা শতৰান কৰিলেই তেওঁ হ’ব ক্ৰিকেট ইতিহাসত অধিনায়ক হিচাপে সকলোতকৈ বেছি শতৰান কৰাৰ গৰাকী৷