ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত স্থাপন কৰা হ’ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি । আজি বকলীয়াঘাটত অনুষ্ঠিত হোৱা কাৰ্বি আংলং জিলা কোচ ৰাজবংশী সন্মিলনীৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি বিয়লি বকলীয়াঘাটৰ হালধিআটী গাঁৱত কাৰ্বি আংলং জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি নিৰ্মল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত লগতে পৰৱৰ্তী চিলাৰায় দিৱস বকলীয়াঘাটৰ হালধিআটীত অনুষ্ঠিত কৰা, কাৰ্বি আংলং জিলা কোচ ৰাজবংশী সন্মিলনীৰ বাবে বকলীয়াঘাটত স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰা, সন্মিলনীৰ গাঁও আৰু আঞ্চলিক সমিতিসমূহ পুনৰ্গঠন কৰাকে ধৰি ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।