অজন্তা তালুকদাৰ
বোকাখাত : আগন্তুক উচ্চতৰ মাধ্যমিক শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষা (Higher Secondary TET), ২০২০ত অৱতীৰ্ণ হ’বলৈ অনুমতি দিবৰ বাবে অসমৰসমূহ বি.এড, মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিক তথা চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীয়ে সন্মিলিতভাৱে অসমৰ শিক্ষামন্ত্ৰীলৈ ২১ নৱেম্বৰত এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। এই সন্দৰ্ভত যথাযোগ্য ব্যৱস্থা গ্ৰহণৰ বাবে জনোৱা আবেদনত উল্লেখ কৰে যে অসম চৰকাৰৰ বিজ্ঞাপন নং RMSA/HSTET, 11492019/pt 145 (১৮/১১/২০২০) অনুসৰি আগন্তুক উচ্চতৰ মাধ্যমিক শিক্ষকৰ যোগ্যতা পৰীক্ষাত বি.এড. পাঠ্যক্রমৰ তৃতীয় ষান্মাসিক তথা চূড়ান্ত বৰ্ষৰ প্ৰশিক্ষার্থীসকলক অৱতীৰ্ণ হোৱাৰ সুবিধা প্রদান কৰা হোৱা নাই।
সেই মর্মে চলিত বৰ্ষৰ ১৮ নৱেম্বৰত ঘোষণা কৰা অনুযায়ী উচ্চতৰ মাধ্যমিক শিক্ষকৰ যোগ্যতা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা উক্ত প্ৰশিক্ষাৰ্থীসকল বঞ্চিত হ’ব।
লগতে তেওঁলোকে স্মাৰক-পত্ৰত উল্লেখ কৰে যে যোৱা ২০২০ৰ জানুৱাৰীত অনুষ্ঠিত উচ্চ মাধ্যমিক বিদ্যালয়ৰ টেট পৰীক্ষাত তেওঁলোক চূড়ান্ত বৰ্ষৰ প্ৰশিক্ষাৰ্থী নোহোৱাৰ বাবে পৰীক্ষাটোত অৱতীৰ্ণ হোৱাৰ অনুমতি নাপালে । তদুপৰি অনাগত ২০২১ চনৰ জানুৱাৰীত হ’বলগীয়া উচ্চতৰ মাধ্যমিক টেট পৰীক্ষাতো কেৱল বি.এড. ডিগ্রী থকা প্রার্থীকহে অৱতীর্ণ হোৱাৰ সুযোগ প্রদান কৰাৰ পৰিপ্ৰেক্ষিতত উক্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰাও এই সকল প্ৰশিক্ষাৰ্থী বঞ্চিত হ’ব।
সেয়েহে উক্ত আবেদনখন গুৰুত্ব সহকাৰে বিবেচনা কৰি বি.এড. চূড়ান্ত বৰ্ষৰ প্ৰশিক্ষার্থীসকলক অনাগত টেট পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুযোগ প্রদান কৰিবলৈ প্ৰশিক্ষাৰ্থীসকলে অসমৰ শিক্ষামন্ত্ৰীগৰাকীলৈ কাতৰ আহ্বান জনায়।