![]()
অজন্তা তালুকদাৰ
বোকাখাত : অসমৰ আদি চাৰি সত্ৰৰ অন্যতম কুৰুৱাবাহী সত্ৰৰ বিংশতিতম সত্ৰাধিকাৰ গোপাল চন্দ্ৰ দেৱ গোস্বামীৰ পৰলোক প্ৰাপ্তিৰ পাছতেই সম্প্ৰতি কোন হ’ব একবিংশতিতম সত্ৰাধিকাৰ, সত্ৰাধিকাৰ অবিহনে কেনেকৈ পৰিচালিত হ’ব সত্ৰখন আদি প্ৰশ্নই সচেতন মহলত গা কৰি উঠিছে। সত্ৰাধিকাৰ গৰাকীৰ দেহাৱসানৰ পাছত সাময়িকভাৱে সত্ৰ পৰিচালনাৰ দায়িত্ব সত্ৰ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছিল ৷
ইতিমধ্যে সত্ৰাধিকাৰগৰাকীৰ আদ্যশ্ৰাদ্ধ সম্পন্ন হোৱাৰ পাছতেই যোৱা ২২ নৱেম্বৰত সত্ৰৰ অতিথিশালাত সত্ৰ পৰিচালনা সমিতিৰ সভাপতি খগেশ্বৰ বৰাৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ সভাত বংশানুক্ৰমিকভাৱে বীৰ্য্যজাত সন্তানহে সত্ৰৰ সত্ৰাধিকাৰ হ’ব পাৰে বুলি সভাই মতপোষণ কৰাৰ লগতে পৰৱৰ্তী সত্ৰাধিকাৰ নিৰ্বাচিত নোহোৱা পৰ্যন্ত সত্ৰখনৰ পৰিচালনাৰ দায়িত্ব সত্ৰ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰে ৷
প্ৰয়াত সত্ৰাধিকাৰৰগৰাকীৰ জেষ্ঠপুত্ৰ বিদ্যানন্দ দেৱ গোস্বামীক সত্ৰখনৰ ৰাজহ সংগ্ৰহ, চৰকাৰী কামকাজৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে তেওঁৰ নেতৃত্বত এখন শাস্ত্ৰজ্ঞ সমিতিয়ে বিধিসন্মত কাম কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে ৷ একেদৰেই কনিষ্ঠ পুত্ৰ নিত্যানন্দ দেৱ গোস্বামীক সত্ৰৰ শৰণ-ভজন লগতে নৈমিত্যিক কৰ্ম কৰাৰ দ্বায়িত্ব প্ৰদান কৰে ৷ পৰৱৰ্তী সত্ৰাধিকাৰে নিৰ্মালী নোলোৱা পৰ্যন্ত সত্ৰখন এনেদৰেই পৰিচালিত হ’ব বুলি জানিব পৰা গৈছে ৷













