![]()
তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ সংকটজনক হৈ পৰিছে। বৰ্তমান জিএমচিএইচত তেওঁ জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে। বৰ্তমান তেওঁক মিউজিক থেৰাপি দি থকা হৈছে। পুত্ৰ গৌৰৱ গগৈৰ অনুৰোধত হস্পিটেল কৰ্তৃপক্ষই তেওঁ চিকিৎসাধীন হৈ থকা কোঠাত নিৰ্বাচিত গান আৰু ভাষণ শুনোৱাৰ ব্যৱস্থা লৈছে।
ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-মত-ধৰ্ম নিৰ্বিশেষে সকলোৱে গগৈৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা কৰি আছে। তেওঁৰ স্বাস্থ্যৰ বুজ ল’বলৈ ইতিমধ্যে কংগ্ৰেছৰ বিভিন্ন নেতাৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ নেতা গৈ জিএমচিএইচত গৈ উপস্থিত হয়। সপত্নীক স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ চিকিৎসালয়ত উপস্থিত হয়।













