![]()
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু নাই। আজি বিয়লি ৫.৩৪ বজাত জিএমচিএইচত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্য মন্ত্ৰীয়ে লগতে কয় যে আজি নিশাৰ ভাগলৈ নতুবা কাইলৈ পুৱা তেওঁৰ মৃতদেহ কলাক্ষেত্ৰলৈ নিয়া হ’ব অন্তিম শ্ৰদ্ধা জনাবৰ বাবে আৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।
উল্লেখযোগ্য যে ১ এপ্ৰিল ১৯৩৬ত জন্মগ্ৰহণ কৰা তৰুণ গগৈয়ে ২০০১ চনৰ পৰা ২০১৬ চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আছিল ৰাজ্যৰ আটাইতকৈ দীৰ্ঘতম সময় কাৰ্যনিৰ্বাহ কৰা মুখ্য মন্ত্ৰী, ১৮ মে’ ২০১৬ তাৰিখে একেৰাহে ১৫ বছৰ সম্পূৰ্ণ কৰিছিল।
প্ৰাৰম্ভিক জীৱন :
তৰুণ গগৈৰ জন্ম হৈছিল ১৯৩৬ চনৰ ১ এপ্ৰিলত পূৰ্বৰ শিৱসাগৰ আৰু বৰ্তমান যোৰহাট জিলাৰ ৰঙাজান চাহ বাগানত। তেওঁৰ পিতৃ ডাঃ কমলেশ্বৰ গগৈ আছিল ৰঙাজান চাহ বাগিচাৰ এজন চিকিৎসক আৰু তেওঁৰ মাতৃ প্ৰখ্যাত কবি গণেশ গগৈৰ কনিষ্ঠ ভগ্নী ঊষা গগৈ।
তেওঁ প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল ২৬ নং ৰঙাজান নিম্ন বুনিয়াদি বিদ্যালয়ত। তাৰ পৰা যোৰহাট মাদ্ৰাছা স্কুল, বাদুলিপাৰা চাহ বাগিচাৰ ওচৰত অৱস্থিত ভোলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু শেষত ১৯৪৯ চনত যোৰহাট চৰকাৰী হাইস্কুলত নামভৰ্তি কৰাই দিছিল আৰু তাৰ পৰাই তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ যোৰহাটৰ জে বি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এলএলবি কৰিছিল।
ব্যক্তিগত জীৱন :
তৰুণ গগৈ ১৯৭২ চনৰ ৩০ জুলাইত ডলী গগৈৰ সৈতে বিয়াত বহে। ডলী গগৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞানৰ স্নাতকোত্তৰ। তেওঁলোকৰ দুটা সন্তান আছে; কন্যা সন্তান চন্দ্ৰিমা গগৈ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা এম বি এ আৰু পুত্ৰ গৌৰৱ গগৈ কলিয়াবাৰৰ সাংসদ।
উল্লেখযোগ্য যে ২০২০ চনৰ ২৬ আগষ্টত গগৈক কোভিডত আক্ৰান্ত হোৱাৰ বাবে জিএমচিএইচত ভৰ্তি কৰা হৈছিল আৰু প্লাজমা প্ৰদান কৰা হৈছিল। কিন্তু তেওঁৰ শাৰীৰিক অৱস্থা ক্ৰমাৎ বেয়াৰ ফালে ঢাল খাব ধৰে আৰু দেওবাৰে সংকটজনক হৈ পৰে।
ৰাজনৈতিক কেৰিয়াৰ :
গগৈয়ে ছয়বাৰকৈ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। তেওঁ প্ৰথমে ১৯৭১-৮৫ চনত যোৰহাটক প্ৰতিনিধিত্ব কৰিছিল। পিছত কলিয়াবৰৰ পৰা ১৯৯১–৯৬ আৰু ১৯৯৮–২০০২লৈ নিৰ্বাচিত হৈছিল। কলিয়াবৰৰ আসনখন বৰ্তমান তেওঁৰ সন্তান গৌৰৱ গগৈৰ নামত।
প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনত ১৯৭৬ চনত অল ইণ্ডিয়া কংগ্রেছ কমিটি (এআইচিচি)ৰ যুটীয়া সচিব নিৰ্বাচিত হোৱাৰ পিছত গগৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন ৰাজনৈতিক নেতা হৈ পৰিছিল। পিছত তেওঁ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ দিনত এআইচিচি (১৯৮৫-৯০)ৰ সাধাৰণ সম্পাদক হিচাপে কাম কৰিছিল। প্ৰধান মন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ দিনত তৰুণ গগৈ ভাৰতৰ কেন্দ্ৰীয় কেবিনেটত খাদ্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ বিভাগত (১৯৯১-৯৬) কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৮৬-৯০ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটী (এপিচিচি)ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল গগৈয়ে। ১৯৯৬ চনত তেওঁ দ্বিতীয়বাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। তাৰ পিছত তেওঁ অসম বিধান সভাত বিধান সভাৰ সদস্য হিচাপে চাৰিটা কাৰ্যকালত নিৰ্বাচিত হৈছে। তেওঁ প্ৰথমে ১৯৯৬-৯৮ চনত মাৰ্ঘেৰিটা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। ২০০১ চনৰ পৰা তিতাবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰে।













