![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কার্বি আংলং জিলাৰ বোকাজানৰ পৰা প্রতিনিধিত্ব কৰি সদৌ অসম ছাত্র সন্থাৰ নৱনির্বাচিত ক্রীড়া সম্পাদকৰ দাযিত্ব লাভ কৰা বেদান্ত শইকীয়াক আজি বোকাজানত উষ্ম আদৰণি জনায় কার্বি আংলং জিলা ছাত্র সন্থাই। আজি সন্ধিয়া বোকাজান বিলাতী মার্টি কাৰখানাৰ অতিথিশালাত কার্বি আংলং আছুৱে আয়োজন কৰা আদৰণি অনুষ্ঠানত উপস্থিত থাকে শতাধিক আছু কর্মীৰ লগতে বোকাজানৰ নাগৰিক সমাজ।

উল্লেখযোগ্য যে বিগত সময়ত বোকাজান আঞ্চলিক ছাত্র সন্থাৰ পৰা আছুৰ মজিয়াত প্রৱেশ কৰা বেদান্ত শইকীয়াই যোৱা ৩টা বছৰে সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদকৰ দাযিত্ব নিষ্ঠাৰে পালন কৰি আহিছিল। শেহতীয়াকৈ দুলীয়াজান অধিবেশনত পুনৰ কার্বি আংলং জিলাৰ পৰা গ্রতিনিধিত্ব কৰা বেদান্ত শইকীয়াক ক্রীড়া সম্পাদকৰ দায়িত্ব অৰ্পণ কৰাত জিলাখনৰে গৌৰৱ বুলি মন্তব্য কৰিছে বৌদ্ধিক মহলে।













