![]()
“মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ বিয়োগে আজি সমগ্ৰ ৰাজ্যৰ জনতাক বেদনা দিছে। আমি সকলো আজি মৰ্মাহত। এগৰাকী মহান নেতাক আমি হেৰুৱালোঁ। এগৰাকী পিতৃক হেৰুওৱাৰ দৰে আজি মোৰ অৱস্থা হৈছে। আজি আমি পিতৃসম মৰম-চেনেহৰপৰা বঞ্চিত হ’লোঁ।”

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে- গগৈ ডাঙৰীয়াই এক শক্তিশালী মূল্যবোধৰ আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গ’ল।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত আজিৰপৰা তিনিদিনীয়াকৈ ৰাজ্যিক শোক পালন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰে।












