![]()
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক অশ্ৰুসিক্ত নয়নে বিদায় জনালে প্ৰদেশ কংগ্ৰেছে। আজি বিয়লি ৰাজীৱ ভৱনত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জনসমুদ্ৰত পৰিণত হয় কংগ্ৰেছৰ মুখ্য কাৰ্যালয়। কংগ্ৰেছৰ নেতা-কৰ্মীসকলে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়ে প্ৰদেশ কংগ্ৰেছৰ অভিভাৱকগৰাকীক।
তাৰ পূৰ্বে জনতা ভৱনত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীকক শেষ শ্ৰদ্ধা জনোৱা হয়। অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক, সচিবালয়ৰ বিষয়া-কৰ্মচাৰীৰ লগতে বিজেপিৰ নেতা তথা অন্যান্যসকলেও তৰুণ গগৈক অন্তিম বিদায় জনায়।
আনহাতে, বৰ্তমান তৰুণ গগৈৰ নশ্বৰ দেহ কলাক্ষেত্ৰলৈ লৈ যোৱা হৈছে আৰু সাধাৰণ জনতাৰ শ্ৰদ্ধাঞ্জলিৰ বাবে তাতে কাইলৈৰ দিনটো ৰখা হ’ব। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে ২৬ তাৰিখে গগৈৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।
কিন্তু এতিয়ালৈকে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে কোনো স্থান নিৰ্ধাৰণ কৰিব পৰা নাই চৰকাৰে। প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা গুৱাহাটীৰ মাজমজিয়াত এটুকুৰা স্থানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনালেও তেনে কোনো স্থান পোৱা নাই বুলি জনাইছে কামৰূপ জিলা উপায়ুক্তই।
আনহাতে, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে যিহেতু গুৱাহাটীৰ মাজমজিয়াত তেনে কোনো স্থান পোৱা হোৱা নাই, গতিকে পৰিয়াল তথা প্ৰদেশ কংগ্ৰেছে বিচাৰিলে আমিনগাঁও নতুবা সোণাপুৰত এটুকুৰা স্থান চৰকাৰে দিব পাৰিব বুলি জনায়।













