ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অহা ২৬ নৱেম্বৰ বৃহস্পতিবাৰে নিখিল ভাৰত ট্ৰেড ইউনিয়নসমূহে আহ্বান জনোৱা ১২ ঘণ্টীয়া ধৰ্মঘটলৈ পূৰ্ণ সমৰ্থন আহ্বান জনাইছে কাৰবি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থাই ৷ আজি এক প্ৰেছ বিবৃতি যোগে সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল নুৰ আৰু সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে জানিবলৈ দিয়ে যে, মটৰ শ্ৰমিকসকলক সামাজিক সুৰক্ষা আইনৰ আওতাৰ বাহিৰত ৰখাটো অতি দূৰ্ভাগ্যজনক বিষয় ৷ মটৰ শ্ৰমিকে নিজৰ বহূমূলীয়া জীৱনকো তুচ্চ জ্ঞান কৰি দুৰ্গম অঞ্চলতো চৰকাৰী আৰু বেচৰকাৰীভাবে নিঃস্বাৰ্থ সেৱা আগবঢ়াই আহিছে৷ ট্ৰেড ইউনিয়নসকলৰ উক্ত দাবী ন্যায্য দাবী ৷
সেয়ে অহা ২৬ নৱেম্বৰ বৃহস্পতিবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আহ্বান জনোৱা ১২ ঘণ্টীয়া ধৰ্মঘটলৈ সন্থাই সমৰ্থন জনাইছে বুলি কয় ৷ আনহাতে জিলা খনৰ মটৰ শ্ৰমিকসকলক উক্ত দিনৰ ধৰ্মঘট সৰ্বাত্মক আৰু শান্তি পূৰ্ণভাবে পালন কৰিবলৈ সভাপতি-সম্পাদকদ্বয়ে আহ্বান জনাইছে ৷