লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লামডিঙৰ সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন ব্যক্তি। নিহত ব্যক্তিজনৰ নাম বাবু লা কুৰ্মী (২৫) । খৰি বিচাৰি বনাঞ্চলৰ ভিতৰলৈ যোৱাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বাবু লা কুৰ্মী। নিহত ব্যক্তিজনৰ ঘৰ লামডিং আৰক্ষী থানাৰ অন্তৰ্গত মঠুৰাবিলত। লংকাজান খণ্ড বন বিষয়াৰ অন্তৰ্গত লামডিং বনাঞ্চলৰ মাজত সংঘটিত হয় এই ঘটনা।
বৰ্তমান ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লগতে আৰক্ষীৰ লোক। আৰক্ষীয়ে ঘটনাস্হলীত উপস্হিত হৈ নিহত ব্যক্তিজনৰ মৃতদেহ মৰোনত্বৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে নগাঁও অসামৰিক চিকিৎসায়ললৈ।