ক্ৰীড়া ডেস্কঃ
ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ ৰোহিত শর্মা আৰু ইশান্ত শর্মা আঘাতজনিত কাৰণত অষ্ট্ৰেলিয়া ভ্ৰমণকাৰী ভাৰতীয় দলত নাই৷ হিটমেন ৰোহিত শর্মা আৰু ইশান্ত শর্মাই পৰৱৰ্তী তিনি-চাৰি দিনত অষ্ট্ৰেলিয়ালৈ যোৱাৰ সম্ভাৱনা নাই। জানিব পৰা মতে ভাৰতীয় দল ব্যৱস্থাপনায়ে এতিয়াও দুয়োজনে দলত যোগদান কৰাৰ বিষয়ে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী (এনচিএ) বা বিচিচিআইৰ পৰা কোনো কথা জানিব পৰা নাই। ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে মন্তব্য কৰে, দুয়োজনে সমগ্ৰ টেষ্ট শৃংখলাটো হেৰুৱাব পাৰে। উল্লেখ্য যে ৰোহিত শৰ্মা (হেমষ্ট্ৰিং আঘাত) আৰু ইশান্ত শৰ্মা (ৰিবকেজ আঘাত) বৰ্তমান তেওঁলোকৰ এন চি এত আছে আৰু পৰৱৰ্তী “তিনিৰ পৰা চাৰি দিন”ত উৰা নামাৰিলে আগন্তক টেষ্ট শৃংখলাত দুজন খেলুৱৈৰ অংশগ্ৰহণৰ বিষয়ে শাস্ত্ৰীয়ে আশংকা প্ৰকাশ কৰে।আনহাতে অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ পিছত ১৪ দিনীয়া কুৱেৰনেণ্টাইন থকাটো বাধ্যতামূলক৷
ইপিনে ১৭ ডিচেম্বৰত এলেইডলেইডত প্ৰথম টেষ্ট আৰম্ভ হ’ব। কিন্তু চাৰিখন টেষ্ট শৃংখলালৈ ৰোহিত আৰু ইশান্ত দুয়োটা পৰৱৰ্তী সময়ত উৰা নামাৰিলেও মূল পৰীক্ষাত উপনীত হ’ব লাগিব। টেষ্ট শৃংখলাৰ আগতে তেওঁলোকৰ মেচ ফিটনেছ প্ৰমাণ কৰিব লাগিব৷