নিউজ ডেক্স:
ৰাজ্যত বৰ্তমানে ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল মুঠ ২০৭৬৪৬জনকৈ ব্যক্তি ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ২১৭৭২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৫৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৫৩ গৰাকী ৰোগী কামৰূপ(ম)ৰ৷ আক্ৰান্তৰ হাৰ ০.৭২ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১১৮৩৯ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩২১৪ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২০৭৬৪৬ গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৯৮.০২ শতাংশ ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯৭৬ গৰাকীলৈ বৃদ্ধি পালে।
🙁 1⃣5⃣7⃣ Cases detected out of 21772 tests conducted today, with positivity rate of 0.72%
Kamrup Metro- 53
🙂 207646 patients discharged
↗️Total cases- 211839
▶️ Recovered- 98.02%
▶️ Active cases- 1.51%
▶️ Deaths- 0.46%9:30 PM/Nov 24 pic.twitter.com/TfmuB18lxV
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) November 24, 2020