![]()
নিউজ ডেস্কঃ
কেৱল কংগ্ৰেছ দলেই নহয়, অসমবাসীয়ে যেন এজন পিতৃ-অভিভাৱকক হেৰুৱালে৷ অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী ৰাজনৈতিক নেতাৰ বিয়োগত ৰাজ্যজুৰি বৈছে শোকৰ বন্যা৷ শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীৰ লগতে সাধাৰণ জনতাৰো লানি নিছিগা সোঁত৷ ভূপেন হাজৰিকাৰ শেষ বিদায়ত ৰাজ্যৰ জনগণে যেনেদৰে উবুৰি খাই পৰিছিল, একে সমান নহ’লেও ৰাজ্যৰ সৰ্বজনপ্ৰিয় ৰাজনৈতিক নেতাজনক অন্তিমবাৰৰ বাবে শ্ৰদ্ধা জনাবলৈ দেখুওৱা আগ্ৰহ কোনো গুণে কম নহয়৷
কিন্তু বহুতৰে হয়তো অগোচৰত থাকি গৈছে যে ৰাজনীতিলৈ অহাৰ পূৰ্বে তৰুণ গগৈ আছিল এগৰাকী শিক্ষক। সেয়া ১৯৫৮ চনৰ কথা৷ তেওঁ শিক্ষকতা কৰিছিল মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত৷ আৰু এই শিক্ষকতাৰ বাবে তেওঁ পাৰিতোষিক লাভ কৰিছিল মাহে ১০০ টকা। সেয়ে কেৱল প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপেই নহয়, বিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন শিক্ষকৰ মৃত্যুত এতিয়া মৰ্মাহত বিদ্যালয়খনৰ পৰিয়ালবৰ্গ।













