![]()
তৰুণ গগৈৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে চৰকাৰে আগবঢ়াব ভূমি৷ আমিনগাঁৱত প্ৰদান কৰিব চৰকাৰে মাটি৷ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ নুমলী জলাহত এই মাটি প্ৰদানৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে৷ সমাধি ক্ষেত্ৰৰ বাবে ১ বিঘা মাটি দিয়াৰ সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰিছে ৰাজহ মন্ত্ৰী যোগেন মহনে৷ আনহাতে, এই মাটি গ্ৰহণ কৰিবৰ বাবে প্ৰদেশ কংগ্ৰেছক আহ্বান জনাইছে যোগেন মহনে৷













