ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিব্ৰুগড়ৰ লেপেটকটাত সংঘটিত হৈছে এক ভয়ংকৰ দূৰ্ঘটনা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন টেংকাৰত খুন্দা মাৰে বৰযাত্ৰী কঢ়িয়া অনা এখন বলেৰ’ বাহনত। বলেৰ’ বাহনখনত অহা পাঁচগৰাকী যাত্ৰী নিহত হয়।
দূৰ্ঘটনাৰ পিছ মূহুৰ্ততে অসম চিকিৎসা মহাবিদ্যালয়লৈ যোৱা হৈছিল যদিও চিকিৎসকে আটাইকেইজন লোকক মৃত ঘোষণা কৰে। এই দুৰ্ঘটনাত নিহত লোক কেইজন হৈছে ক্ৰমে হেম বৰা, মদন বৰা, জীৱক শইকীয়া, প্ৰকাশ দাস, কনপাই ভূঞা। নিহত আটাইকেইজনৰে ঘৰ ডিব্ৰুগড়ৰ ভগামূৰত বুলি জানিব পৰা গৈছে।













