![]()
আজি পুৱা গগৈৰ চৰকাৰী বাসগৃহৰ পৰা অন্তিম যাত্ৰা আৰম্ভ হয়। অগণন গুণমুগ্ধক শোক সাগৰত পেলাই মন্দিৰ-মছজিদ-গীৰ্জা পৰিভ্ৰমি নৱগ্ৰহত উপস্থিত হয় জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ। নৱগ্ৰহলৈ যাত্ৰাকালত তৰুণ গগৈক প্ৰথমে নিয়া হয় ছয়মাইলৰ গীৰ্জালৈ। তাৰ পৰা জু ৰোড হৈ জিএনবি ৰোডেৰে লৈ যোৱা হয় আমবাৰীৰ বুঢ়া মছজিদলৈ। আমবাৰীৰ পৰা নিয়া হয় উগ্ৰতাৰা দেৱালয়লৈ। উগ্ৰতাৰাৰ পৰা পোনে পোনে অনা হয় নৱগ্ৰহলৈ।

ইতিমধ্যে আহোম ধৰ্মীয় ৰীতি-নীতি পালনৰ পিছত সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় মৰ্যাদা গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰে অসম আৰক্ষীৰ বিশেষ জোৱানে। মাংগলিক কাৰ্য সম্পাদনাৰ পিছত পুত্ৰ গৌৰৱ গগৈয়ে মুখাগ্নি কৰে। পঞ্চভূতত বিলীন হ’ল তৰুণ গগৈৰ পাৰ্থিৱ শৰীৰ।

আজি তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকি শেষ শ্ৰদ্ধা জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উপস্থিত আছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীকে ধৰি মন্ত্ৰীসভাৰ আন আন মন্ত্ৰীসকল।
আনহাতে, এপিচিচিৰ দায়িত্বত থকা সৰ্বভাৰতীয় কংগ্ৰেছৰ সম্পাদক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাকে আদি কৰি কংগ্ৰেছৰ নেতাসকলেও শেষ শ্ৰদ্ধা জনায়। লগতে উপস্থিত থাকে বিভিন্ন ক্ষেত্ৰৰ বহু সংখ্যক গণ্য-মান্য ব্যক্তি।
উল্লেখযোগ্য যে তৰুণ গগৈৰ চিতাভস্ম প্ৰতিটো ব্লক কংগ্ৰেছলৈ নিয়া হ’ব আৰু পৰৱৰ্তী সময়ত এক নিৰ্দিষ্ট স্থানত স্থায়ী সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰা হ’ব।












