ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : সহস্ৰ সংগঠন পিপুল ডেমক্ৰেটিক কাউঞ্চিল ফৰ কাৰবি লংৰি চমুকৈ পিডিচিকেৰ বিৰুদ্ধে কাৰবি আংলং আৰক্ষীৰ বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি কাৰবি আংলং আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আজি জিলা উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত বকলিয়াঘাট থানাৰ অ’চি, ডিফু থানাৰ উপ পৰিদৰ্শক আৰু এপিআৰ জোৱানকলৈ এক অভিযান চলাই সংগঠনটোৰ সাধাৰণ সচিব নংমে টুংজাং ওৰফে সঞ্জীৱ ফাংচক আটক কৰিবলৈ সক্ষম হয় ৷
ধৃত সচিবজনক বকলিয়াঘাট থানা এলেকাৰ থেকেৰাজানৰ পৰা আটক কৰিছে বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ৷ ধৃত পিডিচিকে সচিব জনৰ পৰা আৰক্ষীয়ে 4 জাঁই সজীৱ গুলী সহ এটা 7’65 এমএমৰ পিষ্টলৰ লগতে 2 টা ভিব’ মোবাইল হেণ্ডছেট, পিডিচিকে ধনদাবী পত্ৰ আৰু অনান্য আপত্তিজনক সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত কেডাৰজন কাৰবি আংলং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে ৷













