![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ সংবিধান প্ৰদত্ত সুবিধা অনুচ্ছেদ ২৪৪(ক) ৰূপায়ণৰ জৰিয়তে স্বায়ত্তৰাজ্য প্ৰদানৰ দাবীত আজি ডিফুত সহস্ৰাধিক প্ৰতিবাদ কাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে ৷ কাৰবি আংলং জিলাৰ জননায়ক প্ৰয়াত ছেমছনছিং ইংতি সোঁৱৰণি উদ্যানৰ সন্মূখত এএছিচি, কেএনচি আৰু কেএছএই আয়োজন কৰা অৱস্থান ধৰ্ণা কাৰ্যসূচীত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ ফেষ্টুন আদি লৈ ন’ অট’নমাছ ন’ ৰেষ্ট, স্বায়ত্তৰাজ্য দাবী পূৰণ কৰক, কেএনএলএফৰে শান্তি চুক্তি সম্পন্ন কৰক, ইউপিডিএছৰে হোৱা এমঅ”এছৰ যকলোঅনুচ্ছেদ দফা ৰূপায়ণ কৰক আদি ধ্বনিৰে ডিফুৰ আকাশ-বতাহ কঁপাই তোলে ৷
এএছডিচিৰ সাধাৰণ বে’ই সাংবাদিকসকলক সম্বোধন কৰি কয় যে, ১৯৫০ চনৰ পৰাই পাৰ্বত্য জনজাতিসকলে পাৰ্বত্য ৰাজ্যৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল যদিও চৰকাৰে শেহতীয়া ১৯৬৯ চনত পাৰ্বত্য জনজাতিসকলক পাৰ্বত্য ৰাজ্যৰ পৰিৱৰ্তে স্বায়ত্তৰাজ্য সৃষ্টি কৰিব বুলি সংবিধানত ২৪৪(ক)-ত সন্নিবিষ্ট কৰে ৷

কিন্তু ৫০ বছৰ অতিক্ৰম কৰাৰ পিছতো সেই সোৱাদ পাৰ্বত্য জিলাৰ জনজাতিসকলে লবলৈ সক্ষম নহ’ল৷ এইলৈ জিলাখনৰ জন সাধাৰণে কৰা সংগ্ৰামৰ প্ৰতিও সঁহাৰি নাই চৰকাৰৰ ৷ সেয়ে ভাৰত চৰকাৰৰ পৰা যি কোনো মূল্যৰ বিনিময়ত স্বায়ত্তৰাজ্য আদায় কৰিবই চৰকাৰক বাধ্য কৰাব লাগিব ৷ ইয়াৰো পৰি চৰকাৰে সহস্ৰ সংগঠন ইউপিডিএছৰ ৰাজ্য দাবী আন্দোলনক ন্যাৰ্যতা দি সংগঠনটোৰ সৈতে হৈ যোৱা MOS চুক্তিৰ প্ৰতিটো দফা শীঘ্ৰে ৰূপায়ণ কৰিব লাগে বুলি দাবী জনায় ৷
আনহাতে সহস্ৰ সংগঠন কেএনএলএফক আলোচনাৰ নামত দীৰ্ঘ ১০ বছৰ ধৰি কেৱল বঞ্চনা কৰি আহিছে বুলি অভিযোগ কৰে নেতা গৰাকীয়ে৷ সহস্ৰ সংগ্ৰাম চলাই অহা কেএনএলফ আলোচনা নামত নিৰ্বাচনৰ বাবে বেআইনী ভাবে চৰকাৰে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ কৰে ৷ সহস্ৰ সংগঠনৰ মূল বিষয় বস্তুৰ পৰা বঞ্চিত কৰিলে ভৱিষ্যতৈ ১০-ৰ পৰা ১০০ টা লৈ সহস্ৰ সংগঠনৰ পুণৰ জন্ম হব পাৰে বুলি তেওঁ মন্তব্য কৰে ৷ অৱশ্যে এয়া এএছডিচি দলৰ নহয় তেওঁৰ ব্যক্তিগত মন্তব্য বুলি উল্লেখ কৰে জৎছন বেই ৷
শেহত এএছডিচি, কেএনচিএ আৰু কেএছৰ শীৰ্ষ নেতৃবৰ্গৰ স্বাক্ষৰিত বিভিন্ন দাবী সম্বলিত এক স্মাৰক-পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ গৃহমন্ত্ৰী অমিত ছাহলৈ প্ৰেৰণ কৰে৷












