![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বৃহস্পতিবাৰে নিশা বোকাজান মহকুমাৰ শুকানজানত ছুৰিকাঘাতৰ এজন ব্যৱসায়ী গুৰুতৰভাৱে আহত ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি উমৰ আহমেদ নামৰ এজন ব্যৱসায়িক দেগাৰেৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে দুই ভাতৃয়ে ।
সেই সময়ত সন্ধিয়া উমৰ আহমেদ নিজ বাসগৃহৰ ওচৰৰ এখন দোকানত বহি থকা অৱস্থাত হঠাতে হত্যাৰ চেষ্টা কৰে ব্যৱসায়ীজনক। দুই ঘাটক ভাতৃক স্থানীয় ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম সোধাই আৰক্ষীক গটাই দিয়ে। দুই ঘাটক ভাতৃৰ পৰা আৰক্ষীয়ে এটা pistol আৰু এখন দেগাৰ উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে।
হত্যাৰ চেষ্টাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আহত উমৰ আহমেদক ইতিমধ্যে ডিমাপুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে । যদিও পৰিয়ালৰ লোকে তেওঁক উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ নিয়াৰ চিন্তা চৰ্চা কৰিছে বুলি জানিব পৰা গৈছে ৷












