![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং-নাগালেণ্ড সীমান্তত ভূমি বেদখলকলৈ কেন্দ্ৰ কৰি কাৰবি আংলং জিলাত অব্যাহত আছে দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ৷ আজি ডিফুস্থিত জননেতা ছেমছনছিং ইংতি মেম’ৰিয়েল পাৰ্কৰ সন্মূখত আইছা আৰৱাইএ,এছৱাইজে,কেএএলইউ,এজেডি আৰু ৱাইএএকে সংগঠনসমূহে সীমা সমস্যাকলৈ বিভিন্ন শ্ল’গান আওৰাই প্ৰতিবাদ সাব্যস্থ কৰে৷ আইছা কাৰবি আংলং জিলা সমিতিৰ সম্পাদক ৰঞ্জিত ক্ৰামছাই সাংবাদিক সকলৰ আগত কয়যে, বহু কষ্ট আৰু ঘাত- প্ৰতিঘাত নেওচি কাৰবি আংলং জিলা গঠন কৰি যোৱা জননেতা ছেমছনছিং ইংতি সপোনত কু চক্ৰৰ নজৰ পৰিছে ৷ জিলাখনৰ নাগালেণ্ড সীমামূৰীয়া এলেকাত এতিয়া নগাৰ অবাধ আগ্ৰাসনে সকলোকে উদ্বিগ্ন কৰি তুলিছে ৷ ক্ৰমান্বয়ে নগাই কাৰবি আংলঙৰ ভিতৰলৈ সোমাই আহি অসমৰ ভূমিত নাগালেণ্জ চৰকাৰে দিয়া ভূমি পট্টা লাভ কৰিবলৈ সক্ষম হৈছে ৷ কাৰ্বি আংলং- নাগালেণ্ড সীমান্তত থকা ১-ৰ পৰা ১৭ লৈকে সীমা স্তম্ভ সমূহ ভাঙি পেলোৱা হৈছে ৷ সীমান্তত জনজাতি সুৰক্ষাৰ বাবে ৮০ শতাংশ কাৰবি আংলঙৰ জনজাতি আৰু ২০ শতাংশ নগা জনজাতিৰে গঠন হোৱা ট্ৰাইবেল ৱেলফেয়াৰ ছ’চাইটি কমিটিৰ সীমান্তত সমস্যালৈ কৰা মতাদৰ্শৰ লগত আজিৰ প্ৰতিবাদকাৰী সকল সহমত নহয় ৷
সেয়ে সোনকালে সেই ঠাইৰ পৰা কেম্পসমূহ প্ৰত্যাহাৰ কৰি ছ’চাইটিটোক বিলুপ্ত কৰিব লাগে ৷ ধ্বংস কৰা সীমা স্তম্ভসমূহ পুনঃনিৰ্মাণ কৰিব লাগে আৰু সীমা সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ দাবী জনায় ৷
তদুপৰি সভাই-সমিতিয়ে “কাৰবি আংলঙৰ এক ইঞ্চি ভূমি কাকো এৰি দিয়া নহ’ব” বুলি বিষয়টো বৰ্তমান তেওঁৰ এজেণ্ডা হৈ পৰিছে বুলি কটাক্ষ কৰে আইছাৰ সচিব ৰঞ্জিত ক্ৰামছাই ৷












