![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অসমৰ পাৰ্বত্য জিলাকেইখনক ভাৰতৰ ভিতৰতে উন্নত জিলা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ কৃপণালি কৰা নাই। অনাগত দিনত কাৰ্বি আংলঙক দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰি যাম ।’-এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিত তিনিখনকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰি বালিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য প্ৰদান কৰে ।
উল্লেখযোগ্য যে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বোকাজানত এখন আধুনিক প্ৰেক্ষাগৃহ, সৰিয়হজানত এ পি ডি চি এলৰ চাব ষ্টেশ্যন আৰু বালিপথাৰত পি এম জে কে ভি ৱাই আঁচনিৰ অধীনত এখন আদৰ্শ আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ পিছতে ৰাজহুৱা সভাখনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ আমোলত বোকাজানত উল্লেখযোগ্য উন্নয়ন সাধন হোৱা বুলি মন্তব্য কৰে ।
বিগত চৰকাৰখনৰ তুলনাত বিজেপিৰ শাসনকালত ৰাজ্যখনৰ যাতায়াতৰ আন্তঃগাঁথনিৰ উন্নতি হোৱা বুলি দাবী কৰে। শক্তি, সম্পদেৰে সমৃদ্ধিশালী, আধুনিক ধ্যানধাৰণাৰে পাহাৰীয়া জিলাকেইখনক শক্তিশালী কৰি তোলাৰ বাবে চৰকাৰখনে লক্ষ্য নিৰ্ধাৰণ কৰা বুলি মন্তব্য কৰে।
পূৰ্বৰ চৰকাৰৰ আমোলত পাহাৰীয়া জিলাকেইখনে সমমৰ্যাদা লাভৰ পৰা বঞ্চিত হৈছিল যদিও সম্প্ৰতি সম মৰ্যাদা, সম গুৰুত্ব আৰু সম উন্নয়নৰ দৃষ্টভংগীৰে চৰকাৰে কাম কৰি যোৱা বুলি মত ব্যক্ত কৰে। যাৰবাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিখন আঁচনিৰে সুফল সকলোৱে লাভ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। শিক্ষাৰ জৰিয়তে বিশ্বজয় কৰিব পাৰি বুলি মন্তব্য কৰি সকলো শিক্ষাৰ্থীয়ে সমানে শিক্ষালাভৰ সুযোগ লাভ কৰাৰ বাবে চৰকাৰে নামভৰ্তি, পাঠ্যপুথি, ইউনিফৰ্ম আদি বিনামূলীয়া কৰি দিয়াৰ লগতে জলপানিৰো ব্যৱস্থা কৰা বুলি কয়।

সভাখনত আদৰণি ভাষণ প্ৰদান কৰি বোকাজানৰ বিধায়ক ডা° নোমল মমিনে পূৰ্বে নিৰ্বাচনৰ সময়ত ভোটভিক্ষাৰ বাবে মুখ্যমন্ত্ৰীসকল বোকাজানলৈ আহিছিল যদিও বোকাজানৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো মুখ্যমন্ত্ৰী উন্নয়নৰ কামৰ বাবে অহা বুলি মন্তব্য কৰে।
লগতে, আজি আধাৰশিলা স্থাপন কৰা আঁচনিসমূহৰ কাম অহা ১৮ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰি তোলা হ’ব বুলি বিধায়কগৰাকীয়ে সভাত ঘোষণা কৰে । মন্ত্ৰী চুম ৰংহাঙে সভাখনত ভাষণ প্ৰদান কৰি ৰাজ্যখনত উন্নয়নৰ প্ৰক্ৰিয়া ত্বৰান্বিত হোৱা বুলি মন্তব্য কৰি ইয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ শলাগ লয় । কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণত জিলাখনলৈ শান্তিৰ পৰিৱেশ অহাৰ বাবেই উন্নয়ন হোৱা বুলি মন্তব্য কৰে।
উল্লেখযোগ্য যে, প্ৰতিকূল বতৰৰ বাবে আজি নিৰ্ধাৰিত সময়তকৈ কেইবা ঘন্টা পলমকৈ মুখ্যমন্ত্ৰীগৰাকী বোকাজানত উপস্থিত হয়। কেইবা হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্যৰ লগতে কেইবা সহস্ৰাধিক লোক উপস্থিত থাকে । বোকাজান এলিকাৰ ২২ জন বিশিষ্ট ব্যক্তিক উক্ত সভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে সম্বৰ্ধনা জনায় ।












