![]()
অজন্তা তালুকদাৰ
বোকাখাত : সুদূৰ বিশ্বনাথ চাৰিআলিৰ পৰা সাংবাদিকৰ সৰ্বতোপ্ৰকাৰ সুৰক্ষাৰ দাবীত, একক চাইকেল যাত্ৰাৰে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অসম পৰিভ্ৰমণ কৰা স্নেহাংকৰ চক্ৰৱৰ্তীয়ে যোৱা ২৮ নৱেম্বৰত বোকাখাত অতিক্রম কৰে। ১৭ নৱেম্বৰত বিশ্বনাথ চাৰিআলিৰ পৰা এই ব্যতিক্রমী যাত্রা আৰম্ভ কৰা চক্ৰৱৰ্তী অসম বাৰ্তাজীৱী সংঘৰ একালৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আছিল। স্নেহাংকৰ চক্ৰৱৰ্তীয়ে সাংবাদিকৰ সামাজিক সুৰক্ষাৰ সজাগতা সৃষ্টিৰ বাবে বিশ্বনাথ চাৰিআলিৰ পৰা শদিয়ালৈ একক চাইকেল যাত্ৰা আৰম্ভ কৰি বৰ্তমান দক্ষিণ অসমেদি পুনৰ বিশ্বনাথলৈ উভতি আহি আছে।

এই উভতনি যাত্ৰাৰ অংশ হিচাপে পুৱা যোৰহাটৰ পৰা কাজিৰঙালৈ চাইকেল যাত্ৰা কৰে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ আন্তৰিক সহযোগত বিশ্বনাথৰ পৰা এই সমগ্ৰ যাত্ৰা পথতে অসম আৰক্ষীয়ে সুৰক্ষাৰ ব্যৱস্থা আগবঢ়োৱা স্নেহাংকৰ চক্ৰৱৰ্তীয়ে আজি বোকাখাতত উপস্থিত হোৱাৰ লগে লগে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা সমন্বিতে বোকাখাতৰ সাংবাদিকসকলে বিপুল আদৰণি জনায়।
সাম্প্রতিক সাংবাদিক নিগ্ৰহৰ ঘটনাই চৰম সীমা অতিক্রম কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিজন লোকেই সাংবাদিকক সুৰক্ষা দিব লাগিব। সাংবাদিকসকলেও সাংবাদিকতাৰ আইন, নীতি জানিব লাগিব। আজি কাজিৰঙাৰ অৰ্কিড উদ্যানত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি নিশাটো কাজিৰঙাতে কটাই কাইলৈ নগাঁও অভিমুখে যাত্ৰা আৰম্ভ কৰিব।













