![]()
শ্ৰীশ্ৰী অনিৰুদ্ধদেৱে স্থাপন কৰা মাজুলীৰ আজলী আই থানত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে থানখনৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰে ভিতৰত সাংস্কৃতিক গৱেষণা কেন্দ্ৰ, অতিথি গৃহ আৰু পকী দেৱাল নিৰ্মাণৰ আধাৰশিলা, প্ৰেক্ষাগৃহৰ আধাৰশিলা, ‘অসম দৰ্শন’ আঁচনিৰ অধীনত আজলী আই থানৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা, সাংস্কৃতিক কেন্দ্ৰ গৃহৰ শুভ উদ্বোধন আৰু APDCLৰ দ্বাৰা নিৰ্মাণ কৰা ৫ কিলোৱাটৰ সৌৰশক্তিচালিত বিদ্যুৎ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে।












