![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : দুৰ্নীতিৰ বিৰুদ্ধে শুণ্য সহনশীলতাৰ শ্লগান আওৰাই শাসনৰ গাদী উপৱিষ্ট হােৱা ৰাজ্য চৰকাৰৰ আমােলত শেহতীয়াকৈ এটাৰ পিছত আনটো দুর্নীতিৰ ঘটনা পােহৰলৈ অহা পৰিলক্ষিত হৈছে।
কার্বি আংলং জিলাৰ বকলীয়াঘাটস্থিত উচ্চশিক্ষাৰ প্রতিষ্ঠান ৰুকাছেন মহাবিদ্যালয় চৌহদত এখনি খেলপথাৰ নির্মাণৰ নামত শেহতীয়াকৈ ব্যাপক অনিয়ম আৰু দুর্নীতি সংঘটিত হােৱাৰ গুৰুতৰ অভিযােগ উত্থাপিত হৈছে।
উক্ত দুর্নীতিৰ প্রসংগক লৈ আজি বকলীয়াঘাট আঞ্চলিক ছাত্র সন্থাই এক প্রতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে। ছাত্র সংগঠনটোৱে উত্থাপন কৰা অভিযােগ অনুসৰি চলিত বর্ষৰ জুন মাহতে ৰূকাছেন মহাবিদ্যালয়ৰ বাবে এখন খেলপথাৰ খেলাৰ উপযােগীকে নির্মাণ কৰি উলিওৱাৰ বাবে ৫০ লাখ টকাৰ আবন্টন দিয়া হৈছিল।
সেই অনুসৰি, খেলপথাৰখনৰ নির্মাণৰ কাম আৰম্ভ কৰা হৈছিল যদিও ইয়াৰ তেনেই সামান্য কাম কৰিয়েই ঠিকাদাৰে খেলপথাৰখনৰ নির্মাণব বাবে আবন্টিত ধন আত্মসাৎ কৰাৰ ষড়ন্ত্রত লিপ্ত হােৱাৰ অভিযােগ উত্থাপন কৰিছে ছাত্র সংগনেটোৱে।
উল্লেখযােগা যে, খেলপথাৰখনত মাটি ভৰোৱাৰ নামত সামান্য কেইগাড়ীমান মাটি ভৰায়েই ঠিকাদাৰে দায়িত্ব সামৰাৰ গুৰুতৰ অভিযােগ উঠিছে।আনহাতে, খেলপথাৰখনৰ বাবে প্রয়ােজনীয় মাটিৰ বাবে এক্সকেভেটৰেৰে মহাবিদ্যালয়খনৰ চৌহদৰ পৰাই অকতৃত্বশীলভাবে মাটি খান্দি পেলােৱাৰ ফলত খেলপথাৰখনৰ কাষতে এক প্রকাণ্ড পুখুৰীৰো সৃষ্টি হয়। বিষয়টোৱে সম্প্রতি এলেকাটোত ব্যাপক চর্চা লাভ কৰাৰ লগতে স্থানীয় লােকৰ মাজত
প্রতিক্রিয়াৰো সৃষ্টি কৰিছে।
ইয়াৰ মাজতে বকলীয়াঘাট আঞ্চলিক ছাত্র সন্থাৰ ভালেসংখ্যক কর্মীয়ে আজি নির্মাণকার্য অসম্পূর্ণ হৈ থকা খেলপথাৰখনৰ কাম নির্দেশনা অনুসৰি সম্পূর্ণ কৰাৰ লগতে দুর্নীতিগ্রস্থ ঠিকাদাৰৰ বিৰুদ্ধে ব্যরস্থা গ্রহণৰ দাবীত থেলপথাৰখনত উপস্থিত হৈ তীব্র প্রতিবাদ সাব্যস্থ কৰে।
উল্লেখযােগ্য যে, খেলপথাৰখনৰ উন্নয়নৰ নামত এক লাখ টকাও খৰছ নকৰাকৈ আবণ্টিত ধন আদায় কৰাৰ ষড়যন্ত্রৰ উমান পাই বকলীয়াঘাট আঞ্চলিক ছাত্র স্থাৰ তৰফৰ পৰা ৰূকাছেন মহাবিদ্যালয় কর্তৃপক্ষক ইতিপুর্বে আপত্তিবিহীন প্রমাণপত্র প্রদান নকৰাৰ আৰ্জি জনাই এক স্মাৰকপত্র প্রদান কৰা বুলি জানিব পৰা গৈছে।
ইয়াৰ পিছতাে বিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ পৰা আপত্তিবিহীন প্রমাণপত্র আদায় কৰাৰ বাবে কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ এগবাকী পৰিষদীয় সদস্যয়াে অধ্যক্ষগৰাকীক হেঁচা প্রয়ােগ কৰি থকা বুলি ছাত্র সংগঠনটোৱে আজি গুৰুতৰ অভিযােগ উখাপন কৰে।
ৰাইজৰ দ্বাৰা নির্বাচিত এগৰাকী জনপ্রতিনিধিয়ে দুর্নীতিৰ বিৰুদ্ধে সবল ভূমিকা গ্ৰহণ কৰাৰ পৰিৱর্তে দুর্নীতিগ্রস্থ ঠিকাদাৰৰ পক্ষ লােৱাৰ বাবেই আজি এনেদৰে গণতান্ত্রিক আন্দোলনৰ কার্যসূচী হাতত লবলগীয়া হােৱা বুলি ছাত্র সংগঠনটোরে ব্যক্ত কৰে। ছাত্র সংগঠনটোৰ প্রতিবাদকাৰীসকলে আজি হাতে হাতে
সংগঠনৰ পতাকা প্রদর্শন কৰি আছু লংলীভ ,বকলীয়াঘাট আঞ্চলিক আছু জিন্দাবাদ, দুৰ্নিতীগ্ৰস্থ ঠিকাদাৰক বৰ্খাস্থ কৰক, বিজেপি হায় হায়, বিজেপি গ’বেক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷












