মাজুলীৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ দিশত বিশেষ ব্যৱস্থা গ্ৰহণেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জিলাখনৰ কৰতিপাৰত কৰতিপাৰ বহুমুখী বান আশ্ৰয়গৃহৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ আৰু ভূমি পূজন কৰে। ‘ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি’ৰ অধীনত আঁহতগুৰি অঞ্চলৰ খহনীয়া প্ৰতিৰোধী আঁচনিও উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ উপৰি ‘ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজি’ৰে গড়মূৰ অঞ্চলৰ খহনীয়া প্ৰতিৰোধী আঁচনি আৰু ‘ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজি’ৰে কৰতিপাৰ খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম-কাজৰ শুভাৰম্ভ কৰে।
আজি মুখ্যমন্ত্ৰীয়ে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ ‘ব্যক্তিগত হিতাধিকাৰীলৈ অনুদান আঁচনি (২০১৯-২০ বৰ্ষ)’ৰ ৫ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন-পত্ৰ প্ৰদান কৰে।