লংকাৰ পৰা মনোজ কুমাৰ পাঠক
জানিব পৰা মতে, জালালউদ্দিন নামৰ ব্যক্তিজনে নিশা কাছাৰৰ নিজ গৃহৰ পৰা নিশাবাছত আহি লামডিং বনাঞ্চলত নামে। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বনাঞ্চলৰ মাজেৰে খোজকাঢ়ি দক্ষিণ জাৰণীত থকা সমন্ধীয়ৰ ঘৰলৈ যাওতেই হাতীৰ আক্ৰমণত নিহত হয়। লামডিং আৰক্ষীয়ে মৃত ব্যক্তিজনক ঘটনাস্হলীৰ পৰা উদ্ধাৰ কৰি কাইলৈৰ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে।