ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : পাহাৰীয়া জিলা কাৰবি আংলঙত বিভিন্ন সমৰ কলাৰ সমান্তৰালকৈ উশ্বুৰ দৰে কলাকো জনপ্ৰিয় কৰাৰ এক দুৰন্ত প্ৰয়াস কৰিছে ডিফু থানাৰ অ’চি তথা কাৰবি আংলং উশ্বু এছ’চিয়েছনৰ সভাপতি ব্লেকবেল্ট চিৰাজ ইংতিয়ে ৷
আজি পাহাৰীয়া জিলাখনৰ সদৰ ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাঙ্গনত কাৰবি আংলং উশ্বু এছ’চিয়েছনৰ দ্বাৰা আয়োজিত অষ্টম কাৰবি আংলং উশ্বু চেম্ৰিয়নশ্বীপ ২০২০ত এই কথা পোহৰলৈ আহে ৷ চাকৰি জীৱনৰ লগতে সম দক্ষতাৰে নৱ প্ৰজন্মক উশ্বুৰ প্ৰতি আকৰ্ষিত কৰিব বিচৰা প্ৰয়াসৰ বাবে বিষয়াগৰাকীক সকলোৱে শলাগ লৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি আজি অনুষ্ঠিত উশ্বু চেম্পিয়ণশ্বীপত কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ ৬৮গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ৷ খেলসমূহ নুন্যতম ২৪ কিলোগ্ৰামৰ পৰা ৬০ কিলোগ্ৰামৰ কেটাগৰীত ছাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাত খেলোৱা হৈছে ৷ মহিলা আৰু পুৰুষৰ শিশুৰ পৰা আৰম্ভ কৰি প্ৰাপ্ত বয়স্কৰ খেলুৱৈসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা হয় ৷
এই উপলক্ষে আজি পুৱাৰ ভাগত সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি চিৰাজ ইংতিয়ে ৷ আৰম্ভণিৰ পৰাই প্ৰতিযোগীসকলে উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াই দৰ্শক আৰু বিচাৰক মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ চম্পিয়নশ্বীপ পদক প্ৰাপ্তসকল ক্ৰমে- ল’ৰাৰ জুনিয়ৰ শাখাৰ সোণৰ পদক ৰবিনচন ইংতি, ৰূপৰ পদক চাৰইম ৰংপি৷ ৪৫ কেজিৰ তলৰ মহিলাৰ জনিয়ৰত সোণৰ পদক মালিন ৰংহাঙপী, ৰূপৰ পদক জিৰমিলি ইংলেঙপী, ব্ৰঞ্জৰ পদক পদ্মীনি হাজোৱাৰী আৰু মেৰিনা মুছাহাৰীয়ে লাভ কৰে ৷ ৪৮ কেজিৰ তলৰ মহিলাৰ শাখাত সোণৰ পদক খুছি তেৰাংপীয়ে লাভ কৰে৷ ৬০ কেজিৰ তলৰ মহিলাৰ শাখাত সোণৰ পদক লাভ কৰে জিৰমি হাঞ্চেপূ আৰু ৰূপৰ পদক পায় পুষ্পাঞ্জলী দেৱীয়ে ৷ ৬৫ কেজিৰ তলৰ সোণৰ পদক লাভ কৰে চ’মালিন তেৰাঙপীয়ে ৷ ৬০ কেজিৰ তলৰ পুৰুষৰ জ্যেষ্ঠ শাখাত সোণৰ পদক পায় দিপাঙ্কৰ বৰুৱা আৰৱ ৰূপৰ পদক পায় মঙল চিং টেৰণে, একে কেটেগৰীৰ মহিলাৰ শাখাত সোণৰ পদক লাভ কৰে হংবাৰী তেৰাঙপীয়ে৷ ২০ কেজিৰ তলৰ ছোৱালীৰ চাব জুনিয়ৰ শাখাত সোণ লাভ কৰে দীপিকা তেৰাঙপীয়ে ৷ ২৮ কেজিৰ তলৰ শাখাত সোণৰ পদক পাঞ চেৰলিকা বে’পীয়ে, ৪৫ কেজিৰ তলৰ শাখাত সোণৰ পদক পায় মিৰচ’ তিমুঙপী আৰু ৰূপৰ পদক পায় প্ৰীতি হাঞ্চেপীয়ে ৷ ৫২ কেজিৰ তলৰ মহিলাৰ শাখাত সোণ লাভ কৰে দেৱিকা ৰংপিপীয়ে ৷ ২৪ কেজি তলৰ ল’ৰাৰ শাখাত সোণ লাভ কৰে চাৰবন মিলিক আৰু ৰূপৰ পদক পায় গণেশ তিমুঙে ৷ ২৮ কেজি তলৰ সৃল’ৰাৰ শাখাত সোণ পায় কয়দা তিমুঙ আৰু ৰূপৰ পদক পায়আনন ৰংপিয়ে ৷ ৩২ কেজিৰ তলৰ ল’ৰাৰ শাখাত সোণ লাভ কৰে লংৰি ইংতি, ৰূপৰ পদক পায় কৃষ্ণ ৰংপি আৰু ব্ৰঞ্জৰ পদক পায় প্ৰকাশ তিমুঙে ৷
ইয়াৰোপৰি ৩৫ কেজি আৰু ৪৮ কেজিৰ তলৰ ল’ৰাৰ শাখাত সোণৰ পদক লাভ কৰে ক্ৰমে সন্তু ৰংপি আৰু চাৰলেন মিলিকে ৷ আজিৰ খেলখনত ক্ৰমে ব্লেকবেল্ট মুখ্য বিচাৰক তথা ৰাজ্যিক পৰ্যবেক্ষক বিচাৰক প্লাৱন বৰা, অমৰচিং লিম্বু, আৰু অজয় তপ্নৰ লগতে কাৰবি আংলং উশ্বু এছচিয়েছনৰ ক্ৰমে সভাপতি চিৰাজ ইংতি, (ব্লেকবেল্ট), সম্পাদক গণেশ তেৰাশ ?( ব্লেকবেল্ট) সহকাৰী সম্পাদক কাংবুৰা চিংনাৰ ব্লেকবেল্ট, কোষাধ্যক্ষ প্ৰদীপ তিচ’ লগতে ৰাষ্ট্ৰীয় বিচাৰক ঘণ তেৰাঙ উপস্থিত থাকে ৷