নিউজ ডেস্কঃ
দেওবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চলিত শৃংখলাৰ দ্বিতীয়খন এদিনীয়া অনুষ্ঠিত হয় ছিডনীত৷ মেচখনত ভাৰতে পৰাজয়বৰণ কৰি এদিনীয়া শৃংখলা হেৰুৱায় যদিও ক্ৰিকেট অনুৰাগীৰ মাজত মেচখনে অন্য এক ৰোমাঞ্চ আনি দিয়ে৷ ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত বেট-বলৰ যুঁজ চলি থাকোতেই ষ্টেডিয়ামৰ গেলেৰীত অনষ্ঠিত হয় আন এক বিশেষ পৰ্ব৷
Was this the riskiest play of the night? 💍
She said yes – and that's got @GMaxi_32's approval! 👏 #AUSvIND pic.twitter.com/7vM8jyJ305
— cricket.com.au (@cricketcomau) November 29, 2020
এই পৰ্ব আছিল এগৰাকী অষ্ট্ৰেলিয়ান যুৱতী আৰু এজন ভাৰতীয় যুৱকৰ মাজত প্ৰেম নিবেদন পৰ্ব৷ খেল চলি থকাৰ মাজতে কেমেৰাই আবদ্ধ কৰে তেওঁলোকৰ প্ৰেম নিবেদনৰ সেই বিৰল মুহূৰ্ত৷ অৱশ্যে মেচখনত ভাৰত পৰাস্ত হ’লেও প্ৰেম নিবদন কৰি সফল হয় ভাৰতীয় সেই দুৰন্ত প্ৰেমিকগৰাকী৷ অৰ্থাৎ তেওঁৰ প্ৰেম নিবেদন স্বীকাৰ কৰে অষ্ট্ৰেলিয়ান যুৱতীগৰাকীয়ে৷
তাকে প্ৰত্যক্ষ কৰি খেলপথাৰৰ পৰাই হাত চাপৰি বজাই দুয়ো প্ৰেমাস্পদক অভিনন্দন জনায় অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ মেক্সৱেলে৷ এতিয়া সেয়া ভিডিও সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে আৰু সকলোৱে দুয়োকে শুভেচ্ছা জনাইছে৷