ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে কাৰ্বি পাহাৰ। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ৰ শংকৰ মন্দিৰটো মহাপুৰুষজনাৰ ৪২৩ সংখ্যক তিথি পালন কৰা হয়।
ইয়াত বৃহত্তৰ বৈঠালাংছ’ৰ ৰাইজৰ উপস্থিতিতি ভকত-বৈষ্ণৱসকলৰ নাম-প্ৰসংগৰে মুখৰ হৈ পৰে নামঘৰ প্ৰাংগন। ভক্তিৰসত নিমজ্জিত হৈ পৰে সহস্ৰজন। সেইদৰে পশ্চিম কাৰ্বি আংলঙৰ আন আন নামঘৰ সমূহতো এক ভক্তিৰসৰ পৰিবেশ পৰিলক্ষিত হয়৷












