![]()
ছাইদুল ইছলাম
ডিফু : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বোকাজান আঞ্চলিক সমিতি আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ বোকাজান শাখা সমিতিৰ সহযোগত ৩ ঘন্টীয়া গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷
বোকাজান মহকুমাধিপতি কাৰ্যালয়ৰ সমীপত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, চাহ জনজাতি ছাত্ৰ সন্থা আৰু জাতীয় মহিলা পৰিষদৰ যৌথ সহযোগত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন আৰু অখিল গগৈৰ মুক্তিৰ দাবীত হাতে-হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাপ কৰি তোলে।
উল্লেখ্য যে, অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত দুয়োটা সংগঠনে তেওঁলোকৰ দাবী সম্বলিত এক স্মাৰক-পত্ৰ বোকাজান মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে ৷












