![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
মৰাণৰ ধেমেচীত কেন্দ্ৰীয়ভাৱে আয়োজিত অসম দিৱস (ছ্যু-কা-ফা দিৱস)ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমীয়া জাতিক একত্ৰিত কৰা মহান স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক অসমৰ সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ ‘ছ্যু-কা-ফা বঁটা’ প্রদান কৰে।












