![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ ফুলনিত এক শোকাৱহ পথ দূৰ্ঘটনাত প্ৰাণ গ’ল ডিফুৰ দুজন লোকৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা ডিফুৰ ছৰছৰিৰ ধৰমচিং ৰংহাঙ গাঁৱৰ এজন বৃদ্ধৰ ৰোগগ্ৰস্থ হৈ মৃত্যুবৰণ হয় ৷ নিজ শশুৰৰ মৃত্যুৰ পূৰ্বে কৰা ইচ্ছানুসৰি শহুৰৰ মৃতদেহ হোজাই জিলাৰ হালধিআটিৰ বাসভৱনলৈ নিয়াৰ ব্যৱস্থা কৰা হয় ৷ সেই মৰ্মে আজি পুৱা এখন এম্বুলেন্সত মৃতদেহ হালধিআটিলৈ লৈ যোৱা হয় ৷ পিছে পিছে এখন বলেৰত কেজনমান স্থানীয় লোক আৰু AS09D 7465 পঞ্জীয়ন নম্বৰৰ পালচাৰ বাইকলৈ জোৱাই আকিবুৰ ৰহমান আৰু তেওঁৰ বন্ধু আজগৰ আলীও যাত্ৰা কৰে ৷
আগে আগে এম্বুলেন্সলৈ শহুৰৰ মৃতদেহলৈ যাত্ৰা আৰু পিছফালে তীব্ৰবেগে জোৱাইৰ মটৰ চাইকেল যাত্ৰা৷ হাওৰাঘাট থানা এলেকাৰ ফুলনি উপস্বাস্থ্য কেন্দ্ৰলৈ কিছুদূৰ থকা সময়ত দিনৰ ১২-৩০ মান বজাত জোঁৱাই আকিবুৰ ৰহমানে চলাই অহা মটৰ চাইকেলখনে ৰাষ্ট্ৰীয়ঘাই পথৰ কাষৰ এজোপা গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে ফলত পিছফালে বহি থকা বন্ধু আজগৰ আলিসহ ৰাস্তাৰ ওপৰতে ছিটিকি পৰে জোঁৱাই আকিবুৰ ৰহমান ৷
দুয়োৰে ঘটনাস্থলীতে অকাল মৃত্যুক আকোঁৱালী ল’বলগীয়া হয় ৷ আকিবুৰ ৰহমান আৰু আজগৰ আলিৰ মৃত্যুৰ ডিফুৰ ছৰছৰিত শোকৰ ছাঁ পৰিছে ৷ ইহসংহাৰত আকিবুৰে ৪টা সন্তান আৰু আজগৰ আলীয়ে পত্নীসহ দুটা সন্তান এৰি থৈ গৈছে৷












