![]()
নিউজ ডেস্কঃ
বিটিচি নিৰ্বাচন কাষ চপাৰ সমান্তৰালকৈ বিটিচিত দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিবলৈ ধৰিছে দুষ্কৰ্ম। বুধবাৰে নিশা চিৰাং জিলাৰ বিজনীৰ বৰলাউ গাঁৱত বিপিএফৰ সমৰ্থিত অগপৰ কাৰ্যালয় লণ্ডভণ্ড কৰে দুবৃৰ্ত্তই।

ইয়াৰ উপৰিও, ১৯নং থুৰিবাৰী সমষ্টিৰ বিপিএফ সমৰ্থিত অগপৰ প্ৰাৰ্থী পাৰ্থজিৎ ৰায়ৰ নিৰ্বাচনী পতাকা, বেনাৰ পোষ্টাৰ আদি ভাঙি পেলায়। দুষ্কৃতিকাৰীক উচিত শাস্তি প্ৰদানৰ বাবে আহ্বান জনায় উক্ত প্ৰাৰ্থী গৰাকীয়ে আনহাতে বাতাবাৰীতো সংঘটিত হয় অনুৰূপ ঘটনা। ১৭ নং সুবাইজাৰ সমষ্টিৰ বিপিএফ প্ৰাৰ্থী প্ৰভাত বসুমতাৰীৰো কাৰ্যালয় লণ্ডভণ্ড কৰাৰ উপৰিও বেনাৰ পোষ্টাৰ ফালি পেলায় দুষ্কৃতিকাৰীয়ে।













