![]()
বহু প্ৰত্যাশিত বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি-ইউপিপিএলক পূৰ্ণ সমৰ্থন কৰিব কোঁচ ৰাজবংশী জাতীয় মহাসভাই। দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল যোগে ঘোষণা কৰিলে কোঁচ ৰাজবংশী জাতীয় মহাসভা সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে।
বিটিচি নিৰ্বাচনত বিজেপি দলৰ ১৭টা আৰু ইউপিপিএলৰ ৭টা পৰিষদীয় সমষ্টিত মুকলি সমৰ্থন জনাব জাতীয় মহাসভাই- ৰায়ে কয়।
বিজেপি চৰকাৰে কোঁচ ৰাজবংশী লগতে ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ বিষয়টো সমাধান কৰাৰ ওপৰত গুৰুত্ব দিছে। বিটিআৰ চুক্তি জৰিয়তে বিটিচিত শান্তি স্থাপন কৰিছে তাৰ বাবে আমি মুকলি সমৰ্থন আগবঢ়াইছো- ৰায়ে কয়।
সংবাদমেলতে হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি ৰায়ে কয়- কোঁচ ৰাজবংশীসকলক দেখাই মৰম কৰে কিন্তু পাছফালৰ পৰা চুৰি মাৰে হাগ্ৰামাই। বিহাৰৰ লালু দৰে পতন নিশ্চিত হাগ্ৰামা।













