![]()
বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজতে বিপিএফৰে বিজেপি মিত্ৰতাত ফাট মেলা পাছত এইবাৰ বিটিচিত অগপৰে মিত্ৰতা ফাট মেলা উপক্ৰম ঘটিছে বিজেপিৰ।
অগপ কোকৰাঝাৰ জিলা কমিটিয়ে বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি- ইউপিপিএলক ভোট নিদিবলৈ মুকলি আহ্বান জনাইছে ৰাইজক। লগতে কয়- অগপ কোকৰাঝাৰ, চিৰাং জিলা সমিতিৰ স্পষ্ট কথা মিত্ৰতা পক্ষে অগপ দলে নিৰ্বাচনত বিপিএফৰ পক্ষত ভোটদান কৰিব। মিত্ৰগোটৰ সদস্য হ’লেও বিজেপি দলৰ পক্ষত ভোটদান নকৰে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ এক প্ৰেছ বিজ্ঞপ্তিত অগপ জিলা সমিতিখনে কয়- সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অ-জনজাতীয় লোকক চৰকাৰী ভূমি পৰা বিতাৰিত কৰিব খোজা বিতৰ্কিত বিটিআৰ চুক্তি স্বাক্ষৰ কাৰী বিজেপি-ইউপিপিএলৰ হাতত ক্ষমতা তুলি নিদিবলৈ আহ্বান জনাইছে।
অগপ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জাকিৰ হুছেইনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে বিজ্ঞপ্তিখন।













