![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ লংকা কাকীৰ বালিসত্ৰত নিশা বন বিভাগে অভিযান চলাই উৎখাত কৰে এটা অবৈধ কাঠফলা কল। ডিএফঅ পুলক চৌধুৰীৰ নিৰ্দেশত লংকা বনাঞ্চলিক বিষয়াসহ বন বিভাগৰ এটি দলে বালিসত্ৰ গাঁৱত অভিযান চলাই উৎখাত কৰে এটা অবৈধ কাঠফলা কল। কলটো জব্দ কৰে যদিওঁ কোনো ব্যক্তিক আতক কৰিবলৈ সক্ষ্যম নহ’ল বন বিভাগৰ দলটোয়ে।
লগতে জব্দ কৰে কাঠফলা মেচিন, জেনেৰেটৰ, পাম্প ছেটসহ অন্যান্য যন্ত্ৰাংশ। জব্দকৃত সামগ্ৰীখিনি নিশা লংকা বনাঞ্চলিক কাৰ্যালয়লৈ অনা হয়। লংকাৰ বন বিষয়া নিৰুদ সূত অহাৰে পৰা সস্তম হৈ পৰিছে বন বিভাগ। ছয় মাহৰ ভিতৰত ডিঅফঅ পুলক চৌধুৰী আৰু নিৰুদ সুতৰ নেতৃত্বত ১০টাকৈ অবৈধ কাঠ ফলা কল জব্দ কৰাৰ লগতে বহু লক্ষ্যাধিক টকাৰ মূল্য অবৈধ কাঠ জব্দ কৰিবলৈ সক্ষ্যম হয়।












