![]()
অজন্তা তালুকদাৰ
বোকাখাত : আগন্তুক ২০২১ৰ বিধানসভা নির্বাচনৰ উপলক্ষে “SVEEP” (SYSTEMATIC VOTERS’ EDUCATION AND ELECTORAL PARTICIPATION)ৰ অধীনত সমগ্র বোকাখাত মহকুমাতে চলি থকা ভোটাৰ সজাগতা কার্য্যসূচীৰ অংশ হিচাপে যোৱা ৫ ডিচেম্বৰত বোকাখাত নির্বাচনী বিভাগৰ উদ্যোগত মহকুমাধিপতি কাৰ্যালয় প্ৰাংগনত ভোটাৰ সজাগতামূলক দেৱাল অংকনৰ কার্যসূচী হাতত লোৱা হয়। ছাত্র-ছাত্রীসকলৰ সহযোগিতাত আয়োজিত এই দেৱাল অংকনৰ শুভাৰম্ভ কৰে বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে। মহকুমাধিপতিগৰাকীয়ে ৰাইজক নিজ নিজ ভোটাধিকাৰৰ ক্ষেত্রত সজাগ হোৱাৰ লগতে ১৮ বছৰ হোৱা সকলোৰে নাম ভোটাৰ তালিকাত যাতে অন্তর্ভুক্ত হয় সেয়া সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত নিজ নিজ এলেকাৰ বি.এল.অ. আৰু নির্বাচনী বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ পৰামর্শ দিয়ে।

ইয়াৰ উপৰিও বোকাখাত নির্বাচনী বিভাগৰ উদ্যোগত বোকাখাত নাট্যমন্দিৰৰ প্রাংগন আৰু নুমলীগড়ত ভোটাৰ সজাগতাৰ বাবে হস্তাক্ষৰ প্রদানেৰে নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰাৰ শপত গ্রহণ কার্য্যসূচীও অনুষ্ঠিত কৰা হয়।
উল্লেখ্য যে, বোকাখাত নির্বাচনী বিভাগৰ উদ্যোগত অনাগত দিনত বিভিন্ন এলেকাত “SVEEP”ৰ অধীনত ভোটাৰ ৰাইজৰ মাজত এলানি সজাগতা সভা অনুষ্ঠিত কৰা হ’ব বুলি বোকাখাত মহকুমাৰ তথ্য আৰু জনসংযোগ বিষয়া মামন বৰকটকীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে।













