বিশেষ প্ৰতিবেদন:
প’লেণ্ডৰ ৰাজধানী ৱাৰ্চ’ৰ এখন নদীৰ তীৰত এটা ৰহস্যময় ধাতৱ প্ৰস্তৰমূৰ্ত্তি আৱিৰ্ভাৱ হৈছে ৷ ইউৰোপ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰতো অলপদিন আগত তেনে মূৰ্তিৰ উদ্ধাৰ হৈছিল ৷
স্থানীয় গণমাধ্যমৰ খবৰ অনুসৰি, ভিষ্টুলা নদীৰ পাৰত ৰাতিপুৱা সময়ত খোজকাঢ়িবলৈ যোৱা লোকসকলে ত্রিভুজাকাৰ স্তম্ভটি লক্ষ্য কৰিছিল প্ৰথমে ।
এই স্তম্ভটো প্রায় তিনি মিটাৰ (১০ ফুট) উচ্চতাৰ, ধোৱা বৰণৰ আৰু ইয়াক স্ক্রু কিছুমানৰ সহায়েৰে সংলগ্ন কৰি ৰখা হৈছে ৷ এই স্তম্ভটো এখন ডাঙৰ দলঙৰ কাষত নদীৰ তীৰৰ বালিত ঠিয় কৰি ৰখা হৈছে ৷
এই স্তম্ভ স্থাপনৰ কৰোতাৰ সবিশেষ জানিবপৰা হোৱা নাই