![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু সোমবাৰে নিশা কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ পৰা এজন ১২ বছৰীয়া ছাত্ৰ ৰহস্য জনকভাৱে নিৰুদ্দেশ হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা ৯ মান বজাত ডিফু উপায়ুক্ত কলনিৰ নিজ ঘৰৰ পৰাই শিশুগৰাকী ৰহস্যজনকভাবে নিৰুদ্দিষ্ট হৈ আছে ৷ ডিফু উপায়ুক্ত কলনিৰ প্ৰয়াত মুন্না নায়াৰৰ নিৰুদ্দিষ্ট শিশুগৰাকীৰ নাম আকাশ নায়াৰ বয়স ১২ আৰু ডিফু কেন্দ্ৰীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৷
নিৰুদ্দিষ্ট হোৱাৰ পিছৰ পৰাই একমাত্ৰ বিধৱা মাতৃগৰাকীয়ে নিজ সন্তানক চাৰিওফালে বিচাৰি চলাথ কৰিছে যদিও শিশুগৰাকীৰ একো শুংসুত্ৰ পোৱা নাই ৷ একাংশলোকে শিশুগৰাকী কোনো দুৰ্বৃত্তই অপহৰণ কৰি নিয়া বুলিও সন্দেহ কৰিছে ৷ নিৰুদ্দিষ্ট শিশুগৰাকী মিঠা বৰণীয়া, উচ্চতা প্ৰায় ৩’৬” ইঞ্চি, ভাষা অসমীয়া, হিন্দী, পিন্ধি থকা সাজ-পাৰ আছিল তাম বৰণীয়া ছুৱেটাৰ আৰু লংপেণ্ট ৷ কোনো সদাশয় ব্যক্তিয়ে শিশুগৰাকীৰ সন্ধান পালে 9435008508 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে।













