![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আৰক্ষীৰ কঠোৰ তালাচীৰ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলঙৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ তৎপৰতা কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে যদিও ইয়াৰ মাজতো ন-ন কৌশলেৰে ড্ৰাগছ সৰবৰাহৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অপৰাধী চক্ৰই।
আজি দুপৰীয়াৰ ভাগত জিলাখনৰ বোকাজান আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত অভিযান চলাই আৰক্ষীয়ে এখন বিলাসী বাহনসহ বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে এই সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি আজি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটীৰ ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে ।

উক্ত অভিযানত দিনৰ প্ৰায় ১০.৪৫ বজাত আৰক্ষীয়ে এএছ-০১-এআৰ-৯০০৫ নম্বৰৰ বগা ৰঙৰ ইন’ভাখনৰ পৰা ৫০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত আৰক্ষীয়ে গাঞ্জাখিনি সৰবৰাহ কৰাৰ অভিযোগত শিৱসাগৰ জিলাৰ শিৱসাগৰ দৰবাৰ ৰোডৰ ৰফিকুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে। জব্দ হোৱা গাঞ্জাখিনি নাগালেণ্ডৰ পৰা শিৱসাগৰলৈ নি থকা হৈছিল বুলি জানিব পৰা গৈছে। জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায়পাঁচ লাখ টকা।













