![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অসম প্রশাসনিক সেৱাৰ বিষয়া তথা কার্বি আংলং জিলাৰ বোকাজান মহকুমাৰ কার্যবাহী দণ্ডাধীশ আহংবাম বেমথৈ চানুৰ আজি ডিমাপুৰত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। অসম প্রশাসনিক সেৱাৰ যুৱতী বিষয়াগৰাকীৰ তেনেই অপ্রত্যাশিত তথা আকস্মিক মৃত্যুৰ বাতৰিয়ে সমগ্র বোকাজান মহকুমাৰ লগতে কার্বি আংলং জিলাতে গভীৰ শোকৰ ছাঁ পেলাইছে। প্রাপ্ত তথ্য অনুসৰী, শেহতীয়াকৈ বিষয়াগৰাকীৰ বৃক্ক আৰু যকৃত সম্পূর্ণৰূপে বিকল হৈ পৰাৰ ফলতে উদ্যমী চৰকাৰী বিষয়াগৰাকীয়ে অকাল মৃত্যুক সাৱটি লবলগীয়া হয়।
প্রাপ্ত তথ্য অনুসৰি, দুদিন পূর্বে চানুৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি হোৱাৰ পিছতে তেওঁক ততালিকে ডিমাপুৰৰ নিকচ হাস্পতালত ভর্তি কৰোৱা হৈছিল। ইয়াৰ পিছতো বিষয়াগবাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পৰিপ্রেক্ষিতত এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়াৰ সিদ্ধান্ত লোৱা হয় যদিও ইয়াৰ পূর্বেই বিষয়াগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখযোগ্য যে, অসম অসামৰিক সেৱাৰ পৰীক্ষাত ২০১৫ চনত ৫৯ সংখ্যক স্থান লাভ কৰা প্রতিভাসম্পন্ন চৰকাৰী বিষয়াগৰাকীয়ে বিগত সময়ছোৱাত বোকাজান মহকুমাত অতিশয় নিষ্ঠা আৰু দক্ষতাৰে নিজ দায়িত্ব পালন কৰি আহিছিল। এগৰাকী অসামবিক সেৱাৰ বিষয়া হিচাপে হাঁহিমুখীয়া তথা কর্ম দক্ষতাৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হোৱা চানুৰ এনে আকস্মিক মৃত্যুৰ বাতৰিয়ে আজি শোকস্তব্ধ কৰি তোলে সমগ্র বোকাজান এলেকা।













