![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ৰাজ্যৰ বিধানসভা নির্বাচনৰ দিন ক্রমাৎ চমু চাপি অহাৰ লগে লগে প্রশাসনৰ তৰফৰ পৰা নির্বাচনৰ প্রাৰম্তিক প্রক্রিয়া ইতিমধ্যে আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ইয়াৰে অংশ হিচাপে কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত যোৱা দহ ডিচেম্বৰ পৰা চলি থকা ইলেকট্রনিক ভোটিং মেচিনসমূহৰ প্রথম পর্যায়ৰ পৰীক্ষা-নিৰীক্ষাৰ প্রক্রিয়াৰ আজি সামৰণি পৰিছে। জিলা নির্বাচনী বিষয়া জিন্টু বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, মুঠ ইভিএম মেচিনৰ মুঠ পাঁচ শতাংশ ভোটিং মেচিন পৰীক্ষা কৰোৱা হৈছে।
উক্ত শিৱিৰত ডিফু নির্বাচনী জিলাৰ অধীনস্থ ডিফু আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ বাবে মেচিনসমূহৰ পৰীক্ষা কৰোৱা হয়। ইয়াৰে বিসংগতিপূর্ণ মেচিনসমূহ পুনৰ কাৰখানালৈ ওভতাই পঠিওৱা হ’ব ৷
আনহাতে আজি বেলট ইউনিট, ইভিএম আৰু ভিভিপেট পৰীক্ষা সময়ত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলৰ মাজতজিলা প্ৰশাসনৰ উদ্যোগত ম’ক্ প’লিং কৰা হয়৷












