ষ্টাফ ৰিপ’ৰ্টাৰ:
একমাত্ৰ পুত্ৰ ৰাজনৈতিক যাত্ৰাৰ সাক্ষী হ’ল মাতৃ দুলু গগৈ।ঐতিহাসিক শিৱসাগৰ বৰ্ডিং খেল পথাৰত অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন স্থলীত পুত্ৰ লুৰীণজ্যোতি গগৈৰ নতুন যাত্ৰাক সন্মুখৰ পৰা আশীৰ্বাদ দিলে মাতৃ দুলুৱে।
বুধবাৰে পুত্ৰ লুৰীনে এজেপি দলত যোগদান কৰা পাছত আজি দলৰ সভাপতি দায়িত্ব গ্ৰহণ কৰিলে ।পুত্ৰই গুৰুত্ব দায়িত্ব গ্ৰহণৰ প্ৰাক মুহূৰ্তত তিনিচুকীয়া বৰলাইপুলি পৰা আহি মাতৃয়ে দিলেহি আশীৰ্বাদ।
শিৱসাগৰত উপস্থিত হৈ মাতৃ দুলুৱে সংবাদমাধ্যমৰ সন্মুখত কয়-“লৰাটোক সকলোৱে ভাল পাইছে যেতিয়া।কাম-কাজবোৰ ভাল মতে কৰি গলে মোৰো ভাল লাগিব।সি যদি কামটো চলাব নোৱাৰে!ডাঙৰ গধুৰ বুজাটো লৈ কি কৰিব সেইটোত মোৰো চিন্তা হয়”।
পুত্ৰৰ প্ৰতি মাতৃয়ে আশা প্ৰকাশ কৰি কয়- ভাল কৈ কাম কৰিব নোৱাৰিলে মোৰো দুখ লাগিব।ৰাইজেও ভাল নাপাব।ভাল কাম কৰিলে ভাল লাগিব আমাৰ।
“কৰিব লগা কাম কৰি যাব লাগে।যদি ভালকৈ কৰিব পাৰে।ভালকৈ কৰিব নোৱাৰিলে বদনামৰ কথা।সেই বাবে দুখ-ভয় লাগে।
ইফালে পুত্ৰ লুৰীনে চৰকাৰক কৰা সমালোচনা সন্দৰ্ভত মাতৃ দুলুৱে কয়- চৰকাৰক সমালোচনা কৰিলে টিভিত দেখি মোৰ ভয় লাগে।তেতিয়া ঘৰলৈ গলে বাধা দিয়ো এইবোৰ কথা নকবি।













