![]()
নিউজ ডেস্কঃ
ৰাষ্ট্ৰীয় তদন্তকাৰী চমুকৈ নিয়া গোচৰত বন্দী হৈ কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ জামিন শুনানি সম্পন্ন। গুৱাহাটী উচ্চ ন্যায়ালয়ত সম্পূৰ্ণ হৈছে জামিনৰ শুনানি। নিয়া’ অধিবক্তাৰ যুক্তিৰ পাছত আজি সম্পন্ন হয় গগৈৰ জামিনৰ শুনানি।
ইফালে জামিনৰ শুনানি সম্পন্নৰ পাছত আজি আদালতে স্থগিত ৰাখে ৰায়দান। উল্লেখ গগৈ জামিনৰ ৰায়দান শীঘ্ৰে ঘোষণা হ’ব বুলি আশা কৰিছে গগৈৰ অধিবক্তাই। উল্লেখযোগ্য যে চলিত মাহত উচ্চ ন্যায়ালয় আৰু তিনিদিন খোলা আছে। যদি এই তিনিদিনত জামিনৰ ৰায় ঘোষণা নহয় তেন্তে জানুৱাৰীৰ প্ৰথম সপ্তাহত ঘোষণা হ’ব পাৰে গগৈ ৰায়। এই কথা জানিব দিয়ে গগৈৰ অধিবক্তাই। কা’ আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হৈ যোৱা এবছৰধৰি কাৰাবন্দী হৈ আছে কৃষক নেতাগৰাকী।













